Maintenance Notice : To improve your experience, our website will undergo maintenance for 10 Hours on 18th Feb 2026 from 10:00 AM to 08:00 PM IST.
প্ৰকৃতিৰ নিয়ম এক অব্যৰ্থ ন্যায় (Prakutir Niyam Ek Abiyarth nayay)
Author: কৃষ্ণকৃপামূর্তি শ্রীল অভয়চৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্রভুপাদ
Description
ভিক্ষা, চুৰি নহ’লে ধাৰ, ঘোচ, প্ৰতাৰণা আদি যিকোনো উপায়েৰে টকা অর্জন কৰি ভোগ কৰক। অতি কমেও জীয়াই থাকক। যিকোনো উপায়েৰে আগবাঢ়ি নোৱাৰ এই উন্মাদ গতিৰ মাজত আমি তালপৰ বাবে হ’লেও বাৰু ভাবি চাইছোনে যে আমি আমাৰ কার্যৰ বাবে দায়ী হ'ব পাৰো? যদিহে শাস্ত্রত বর্ণনা কৰা নাৰকীয় শাস্তিবোৰ প্ৰকৃততে সত্য হয়, তেন্তে কি হ'ব ? ‘প্রকৃতিৰ নিয়ম’ গ্রন্থখনত বিংশ শতিকাৰ এজন মহান দার্শনিক শ্ৰীল প্রভুপাদে পাপ কি আৰু কোনে কিহৰ বাবে কি শাস্তি ভোগ কৰে এইবোৰৰ ব্যাখ্যা আগবঢ়াইছে। অন্তিম পৰিণতি অনিবার্য— অধিকাংশ মানুহেই এক অতি দুঃখময় ভবিষ্যতৰ দিশে গতি কৰিছে। এইটো কোনো হাস্যকৰ কথা নহয়। আপুনি হয়তো এই গ্রন্থখন এবাৰ পঢ়া উচিত। অতিমাত্রা পলম হোৱাৰ আগতেই আপুনি জানিব পাৰিব আপোনাব জীবন কিদৰে শুদ্ধ হ’ব।
Sample Audio